কৰিব লগা
- বেংকৰ যোগাযোগৰ বিশদখিনিৰ বাবে সদায় অফিচিয়েল ৱেবচাইটখন চাওক
- আপোনাৰ যোগাযোগৰ বিশদখিনি সদায় বেংকৰ সৈতে আপডেট কৰি ৰাখক আৰু লেনদেনৰ সতর্কতা পাবলৈ ছাবস্ক্রাইব কৰক
- আপোনাৰ কম্পিউটাৰ / ম'বাইলত আচল এন্টি-ভাইৰাচ আৰু এন্টি-মালৱেৰ ছফ্টৱেৰ ইনস্টল কৰক আৰু আপ-টু-ডেট ৰাখক
- আপোনাৰ পাছৱার্ডটো শক্তিশালী আৰু অনন্য হিচাবে তৈয়াৰ কৰক।
- আপোনাৰ কার্ড নম্বৰ পাছৱার্ড বা অন্য কোনো ব্যক্তিগত / সংবেদনশীল তথ্য সংৰক্ষণ কৰা এৰাবলৈ আপোনাৰ ব্রাউজাৰৰ স্বতঃপূৰ ছেটিংচটো বন্ধ কৰক
- প্লে স্টোৰ বা এপ্প স্টোৰৰ পৰা যিকোনো এপ্লিকেশ্যন ডাউনলোড কৰাৰ আগতে সাৱধান হওক
- লেনদেনৰ সময়ত আপোনাৰ ৱেব ব্রাউজাৰৰ স্টেটাছ বাৰত পেডলক চাইন বা https চাওক
- সংবেদনশীল বিৱৰণবিলাক শ্বেয়াৰ কৰি নিয়াৰ অনুৰোধ কৰি থাকে, এনেকুৱা বার্তাবিলাকত থকা ভুল বানান সদায় বিচাৰক, কাৰণ সেইবিলাকেই আপোনাক জালিয়াতি চিনাক্ত কৰিবলৈ সহায়তা কৰিব।
কৰিব নলগা
- কেতিয়াও পিন, পাছৱার্ড, অ'টিপি বা কার্ডৰ বিশদৰ দৰে সংবেদনশীল বিৱৰণ আনৰ সৈতে শ্বেয়াৰ নকৰিব।
- আপোনাৰ বেংক একাউন্টত প্রৱেশ কৰাৰ সময়ত পাব্লিক ৱাই-ফাই বা ফ্রি ভিপিএন (ভার্চুয়েল প্রাইভেট নেটৱার্ক) / পাবলিক কম্পিউটাৰবিলাক ব্যৱহাৰ কৰা এৰাই চলক।
- অচিনাকী উৎস / প্রেৰকৰ আইডিৰ পৰা প্রাপ্ত লিঙ্কবিলাকত ক্লিক নকৰিব
- 123456, নাম, জন্মদিন ইত্যাদিৰ দৰে সাধাৰণ ব্যৱহৃত পাছৱার্ড তৈয়াৰ কৰাৰ পৰা বিৰত থাকক
- আপোনাৰ বেংকিং পাছৱার্ডটো ক'তো লিখি নেৰাখিব অথবা ব্রাউজাৰত সংৰক্ষণ কৰি নেৰাখিব।
- ৰিমোট শ্বেয়াৰিং এপ্লিকেশ্যন ডাউনলোড নকৰিব। যেনে এনিডেস্ক
- ইউপিআই -অৰ মাধ্যমে টকা পাবলৈ কোনো কিউআৰ ক'ড স্কেন নকৰিব অথবা পিন (পার্ছ'নেল আইডেন্টিফিকেশ্যন নম্বৰ বা অ'টিপি (ওৱান টাইম পাছৱার্ড) নভৰিব।
- এটিএম -অত অচিনাকী ব্যক্তিৰ পৰা সাহায্য নল'ব।
Remember:
কোটাক মাহিন্দ্রা বেংক বা তাৰ কর্মচাৰী / প্রতিনিধিসকলে কেতিয়াও আপোনাৰ ব্যক্তিগত একাউন্টৰ তথ্য জানিব নিবিচাৰে।
নিৰাপদে থাকক, সতর্ক থাকক!